-সমাজশাস্ত্র-

--সামাজিক অসমতা আৰু বর্জন--



ভাৰতীয় সমাজত দৈনন্দিন জীৱনত ঘটি থকা সামাজিক অসমতা আৰু পৃথকীকৰণ প্রক্রিয়া এৰাবনোৱাৰা ঘটনা । সমাজৰ প্রতিজন লোকেই সামাজিক অসমতা, সামাজিক পৃথকীকৰণ প্রক্রিয়াৰ সৈতে অভ্যস্ত । সামাজিক অসমতা, বর্জন, জাতি, অন্যান্য পিছপৰা শ্রেণী, অস্পৃশ্যতা, অনুসুচীত জাতি, অনুসুচীত জনজাতি আদি ব্যবস্থাই সমাজখনক স্তৰীকৃত কৰিছে । এই পাঠটি এইবিলাক বিষয়ক লৈ জড়িত ।




বস্তুনিষ্ঠ প্রশ্নোত্তৰ- ১ নম্বৰ বাবে



১) 'অস্পৃশ্যতা অপৰাধ অধিনিয়ম' কিমান চনত গৃহীত হৈছিল ?

উঃ ১৯৫৫ চনত ।


২) 'প্রথম পিছপৰা শ্রেণী আয়োগ' কাৰ নেতৃত্বত গঠন হৈছিল ?

উঃ কাকা কালেলকাৰৰ নেতৃত্বত ।


৩) পিছপৰা শ্রেণী মানে কি ?

উঃ অনুসুচীত জাতি আৰু জনজাতিসকলৰ বাহিৰেও আৰু কিছুমান সম্প্রদায় আছে , যিবোৰ                     সম্প্রদায়ে কিছুমান সামাজিক সমস্যাত ভূগি আছে আৰু তেওঁলোক আর্থিক, শৈক্ষিক, সামাজিক,        সাংস্কৃতিক আদি বিভিন্ন দিশত পিছপৰা তেনে সম্প্রদায়বোৰ ভাৰতীয় সংবিধানে পিছপৰা শ্রেণী            বুলি  অভিহিত কৰিছে ।


৪) প্রথম বিশ্বনাৰী সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ?

উঃ ১৯৭৫ চনত মেক্সিকোত ।


৫) অস্পৃশ্য বুলি কোৱা জাতিসমুহক কি কি নাম দিয়া হৈছিল ?

উঃ হৰিজন, দলিত আদি নাম ।


৬) বন্ধ স্তৰীকৰণ ব্যবস্থাৰ এটা উদাহৰণ দিয়া ।

উঃ জাতি ব্যবস্থা ।


৭) মুক্ত স্তৰীকৰণ ব্যবস্থাৰ এটা উদাহৰণ দিয়া ।

উঃ শ্রেণী ব্যবস্থা ।


৮ ) কিমান চনত 'ৰাষ্ট্রীয় সংখ্যালঘু আয়োগ অধিনিয়ম' গঠন কৰা হয় ?

উঃ ১৯৯২ চনত ।


৯) 'দলিত' শব্দটোৰ আক্ষৰিক অর্থ কি?

উ" শব্দগত ভাবে দলিত শব্দই নিপীড়িতক বুজায় আৰু বশীভুত মানুহক নির্দেশিত কৰে । সাধাৰণতে          অস্পৃশ্য সম্প্রদায়ক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হয় ।


১০) হৰিজন শব্দটো কোনে ব্যৱহাৰ কৰিছিল? ইয়াৰ অর্থ কি ?

উঃ  হৰিজন শব্দ প্রথম মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰিছিল । ইয়াৰ অর্থ হৈছে ভগৱা্নৰ মানুহ ।


১১) ব্রাহ্ম সমাজ কোনে কেতিয়া প্রতিষ্ঠা কৰিছিল ?

উঃ ১৮২৮ চনত ৰাজা ৰামমোহন ৰায়ে ।


১২) 'আদিবাসী' শব্দটোৰ অর্থ কি ?

উঃ আদিবাসী শব্দটোৰ অর্থ হৈছে আদিম বাসিন্দা । ঔপনিবেশিক চৰকাৰ, বহিৰাগতৰ অবাধ প্রবেশৰ        বিৰুদ্ধে চলোৱা সংগ্রামৰ ফলত ১৯৩০ চনত এই শব্দটোৰ সৃষ্টি হৈছিল ।


১৩) দলিত শব্দটো প্রথম আম্বেদকাৰে ব্যবহাৰ কৰিছিল- সত্য নে অসত্য ?

উঃ   অসত্য ।


১৪) কোনে প্রথম মুছলমানসকলৰ মাজত সংস্কাৰ আন্দোলন আৰম্ভ কৰিছিল ?

উঃ  চাৰ আহমেদ খানে ।


১৫) আর্য সমাজৰ প্রতিষ্ঠাতা কোন ?

উঃ   স্বামী দয়ানন্দ সৰস্বতী ।


১৬) বঞ্চিত গোটবোৰ কি কি ?

উঃ অনুসুচীত জাতি, অনুসুচিত জনজাতি, অন্যান্য পিছপৰা শ্রেণী ।


১৭) টোটেম কি ?

উঃ জনজাতীয় সমাজত গছ-লতা, শিল বা জীৱ জন্তু আদি ভৌতিক বস্তুৰ ওপৰত বিশ্বাস ৰাখি                    সেই ৰহস্যময় শক্তিক পুজা কৰাক টোটেমবাদ বোলে ।


১৮) কিহৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিৰ জাতি নির্ণয় হয় ?

উঃ  জন্মৰ ওপৰত ভিত্তি কৰি ।


১৯) ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ?

উঃ   ড বি. আৰ. আম্বেদকাৰ ।


২০) ভাৰতত হোৱা দুটা জাতিভিত্তিক আন্দোলনৰ নাম লিখা ।

উঃ   অসমৰ ভাষা আন্দোলন আৰু পাঞ্জাবীসকলৰ খালীস্তানৰ আন্দোলন ।


২১) ভাৰতত হোৱা এটা পাৰিপাশ্বিক আন্দোলনৰ নাম লিখা ।

উঃ  চিপকো আন্দোলন ।


২২) জনসংখ্যা বৃদ্ধিৰ দুটা কুফল উল্লেখ কৰা ।

উঃ জনসংখ্যা বৃদ্ধিৰ দুটা কুফল হৈছে -

      ক) মূল্ধন সঞ্চয় নহয় ।

      খ) জীৱন ধাৰণৰ মানদণ্ড অৱনমিত ।


২৩) সামাজিক প্রতিবন্ধী বুলিলে কি বুজা ?

উঃ সমাজত উচ্চ জাতি বা নিম্ন জাতিৰ মাজত বহুতো বাধ-নিষেধ থকা দেখা যায় । সামাজিক আন্তঃক্রিয়াৰ মাজত এই বাধাবোৰ বাবে নিম্নজাতৰ লোকে বহুতো কামকাজত পিছপৰি থাকে। যেনে- নিম্ন জাতিৰ মানুহে ধর্মপুথি পঢ়িব নোৱাৰে, উচ্চ জাতিৰ লগত মিলা মিছা কৰাত বাধা আদি । এইবিলাকক সামাজিক প্রতিবন্ধী বুলি কোৱা হয় ।


২৪) সমাজত পিছপৰা শ্রেণি কিহৰ ওপৰত ভিত্তি কৰি নির্ধাৰণ কৰা হয় ?

উঃ অর্থনৈতিক দিশৰ ওপৰত ভিত্তি কৰি ।


২৫) মহিলাৰ বিৰুদ্ধে সংঘটিত কেইটামান অপৰাধ উল্লেখ কৰা ।

উঃ যৌতুক প্রথা, বাল্য বিবাহ, সতীদাহ প্রথা, বিধবা বিবাহ নিষিদ্ধ, পর্দা প্রথা  আদি ।


২৬) সংস্কাৰ আন্দোলন মানে কি বুজা ?

উঃ সমাজৰ পৰা কু-সংস্কাৰ, কু-প্রথা, অন্ধবিশ্বাস আতঁৰাই নিম্নশ্রেণী, নিম্নজাতিৰ মানুহৰ উন্নতি সাধন কৰিবলৈ সমাজৰ নাৰী জাতিক শিক্ষা-দীক্ষা আৰু দমন নীতিৰ পৰা মুক্ত কৰিবলৈ সমাজত যিসমুহ আন্দোলন হয় সেইবিলাকক সংস্কাৰ আন্দোলন বুলি কোৱা হয় ।


২৭) অনিতা ঘাই কোন ?

উঃ অনিতা ঘাই হৈছে শাৰিৰীকভাবে অক্ষম লোকসকলৰ সামাজিক স্থানৰ বাবে মাত মাতি অহা এগৰাকী সমাজ সংস্কাৰক ।


২৮) কু-সংস্কাৰ কি ?

উঃ সমাজৰ কিছুমান শ্রেণীৰ লোকে অন্য কিছুমান শ্রেণীৰ লোকৰ ওপৰত পূর্বতে ভাবি লৈ কৰা কিছুমান ধাৰণা, যি ধাৰণাই সমাজৰ বিভিন্ন সময়ত যোগাত্মক বা ঋণাত্মক দুয়োধৰণেৰে প্রভাব পেলায় ।কোনো প্রমাণ নোপোৱাকৈ বা এটা বিষয়ক ভালকৈ নজনাকৈয়ে সেই বিষয়টোৰ ওপৰত আগেয়ে কোনো মতত উপনীত হোৱা ধাৰণা ।


২৯) অস্পৃশ্যতা মানি কি ?

উঃ অস্পৃশ্যতা মানে হৈছে পবিত্রতা আৰু অপবিত্রতাৰ ওপৰত গঢ়ি উঠা ভাৰতীয় সমাজৰ এক সামাজিক নিয়ম প্রণালী । ইয়াৰ ওপৰত ভিত্তি কৰি ভাৰতীয় সমাজৰ কিছুমান জাতিক নিম্ন স্থানত, কিছুমানক উচ্চ স্থানত ৰখা হৈছে ।