ERA OF COLD WAR
শীতল যুদ্ধৰ যুগ 

To help the students of Higher Secondary Second year under AHSEC, some important objective questions of Political Science are given below in Assamese language. Dear students, hope you all will be benefited from it.


বস্তুনিষ্ঠ প্রশ্নোত্তৰ - ১ নম্বৰ

১) USSR ৰ সম্পুর্ণ নাম কি ?
উঃ- Union of Soviet Socialist Republic.

২) কোনজন ছোভিয়েট নেতাই কিউবাক ছোভিয়েতৰ এক ঘাটিলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল?
উঃ নিকিটা খ্রুছেভ

৩)কিউবাৰ মিছাইল সংকটৰ সময়ত আমেৰিকাৰ ৰাষ্ট্রপতি কোন আছিল ?
উঃ জন. এফ. কেনেডি

৪) শীতল যুদ্ধৰ পৰা আতঁৰি থাকিবৰ বাবে ভাৰতে কেনেকুৱা নীতি গ্রহণ কৰিছিল ?
উঃ গোষ্ঠীনিৰপেক্ষতাৰ নীতি ।

৫) আমেৰিকাই জাপানৰ কোন দুখন ঠাইত এটমবোমা নিক্ষেপ কৰিছিল ?
উঃ নাগাচাকি আৰু হিৰোচিমাত ।

৬) ১৯৫০-৫৩ চনত দুই শক্তিশালী গোষ্ঠী ক'ত প্রত্যক্ষ সংগ্রামত লিপ্ত হৈছিল ?
উঃ কোৰিয়াত ।

৭) NATO ৰ মুঠ সদস্য সংখ্যা কিমান আছিল ?
উঃ ১২ খন ।

৮) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ কোনখন সন্মিলন ভাৰতত অনুষ্ঠিত হৈছিল ?
উঃ ১৯৮৩ চনত অনুষ্ঠিত সপ্তম গোষ্ঠীনিৰপেক্ষ সন্মিলন ।

৯) CTBT ৰ সম্পুর্ণ নাম কি ?
উঃ Comprehensive Test Ban Treaty ।

১০) কিমান চনত WARSAW চুক্তি স্বাক্ষৰিত হৈছিল ?
উঃ ১৯৫৫ চনত ।

১১)শীতল যুদ্ধ শব্দটো প্রথম কোনে ব্যবহাৰ কৰিছিল ?
উঃ বার্ণাড বাৰুছে ।

১২) শীতল যুদ্ধৰ এটা কাৰণ উল্লেখ কৰা ।
উঃ আদর্শগত প্রভেদ ।

১৩) আমেৰিকা নেতৃত্বাধীন শক্তিগোষ্ঠী কোনটো আদর্শৰ প্রতি অনুৰক্ত আহিল ?
উঃ পুঁজিবাদৰ প্রতি ।

১৪) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্রথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ?
উঃ ইণ্ডোনিছিয়াৰ বান্দুং চহৰত ।

১৫) মিখাইল গর্বাচেভ কোন আছিল ?
উঃ ছোভিয়েট ৰাছিয়াৰ প্রাক্তন ৰাষ্ট্রপতি ।

১৬) শীতল যুদ্ধ বুলিলে কি বুজা ?
উঃ কোনো ধৰণৰ অস্ত্র-শস্ত্র প্রয়োগ নকৰাকৈ যেতিয়া বিভিন্ন শক্তিগোষ্ঠীৰ মাজত অর্থনৈতিক, ৰাজনৈতিক, সামৰিক বা কুটনৈতিক সহায় তথা সামৰিক হস্তক্ষেপ বা চুক্তি সম্পাদন  আদিৰ দ্বাৰা মতভেদৰ সৃষ্টি কৰা হয়, সেই অৱস্থাক শীতল যুদ্ধ বুলি কোৱা হয় ।

১৭) শীতল যুদ্ধ কেতিয়া হৈছিল?
উঃ ১৯৪৫ চনৰ পাছত অর্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱাত ।

১৮) NATO ৰ  সম্পুর্ণ নামটো কি ?
উঃ- North Atlantic Treaty Organisation.

১৯)WARSAW চুক্তি মানে কি ?
উঃ ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত পোলেণ্ড, পুব জার্মানী, হাংগেৰী আৰু চেকোশ্লাভাকিয়াকে ধৰি ৮ খন ৰাষ্ট্র লগ হৈ NATO ক প্রত্যাহব্বান জনাবলৈ যি সামৰিক চুক্তি সম্পাদন কৰিছিল,সেয়ে আছিল WARSAW চুক্তি ।

২০)WARSAW চুক্তিৰ প্রধান উদেশ্য কি আছিল ?
উঃ NATO ক প্রতিহত কৰা ।