ছাত্র-ছাত্রীসকল, এই পষ্টত তোমালোকলৈ আগবঢ়াইছো উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ কলা শাখাৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ " ভাৰতৰ বৈদেশিক সম্পর্ক" পাঠৰ বস্তুনিষ্ঠ প্রশ্নোত্তৰ ।  আগন্তুক ২০২০ বর্ষৰ পৰীক্ষাৰ প্রতি লক্ষ্য ৰাখি এই প্রশ্নোত্তৰ বিভন্ন অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্রস্তুত কৰা হৈছে । আশাকৰোঁ তোমালোক উপকৃত হবা ।


পাঠৰ নাম - ভাৰতৰ বৈদেশিক সম্পর্ক

বস্তুনিষ্ঠ প্রশ্ন - ১ নম্ব

১) আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাপক কোন আছিল ?
উঃ- কেপ্তেইন সোহান সিং ।

২) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বৈদেশিক নীতিৰ বিষয়ে উল্লেখ কৰা হৈছে ?
উঃ- ৫১ নং অনুচ্ছেদত ।

৩) ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য পৃষ্ঠপোষক / প্রধান স্থপতিবিদ কোন আছিল ?
উঃ জৱাহৰলাল নেহেৰু ।

৪) গোলকীয় পর্যায়ৰ দুই মহাশক্তিক নেতৃত্ব প্রদান কৰা বৃহৎ শক্তিশালী ৰাষ্ট্র দুখন কি কি?
উঃ- আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া ।

৫) কিমান চনত চীনে তির্বত অধিগ্রহণ কৰিছিল ?
উঃ- ১৯৫০ চনত ।

৬) NEFA ৰ সম্পুর্ণ নাম লিখা ।
উঃ- North East Frontier Agency.

৭) নেহেৰুৰ পাছত ভাৰতৰ কোনজন প্রধানমন্ত্রীয়ে চীন ভ্রমণ কৰিছিল ?
উঃ- ৰাজীৱ গান্ধীয়ে ।

৮) লালবাহাদুৰ শাস্ত্রী আৰু চৌ-এন-লাইৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম কি ?
উঃ- তাছখণ্ড চুক্তি ।

৯) কিমান চনত বাংলাদেশৰ যুদ্ধ সংঘটিত হৈছিল ?
উঃ- ১৯৭১ চনত ।

১০) চিমলা চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল ?
উঃ- ১৯৭২ চনত ।

১১) কিমান চনত মেকমোহন লাইনক ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখা বুলি চিহ্নিত হৈছিল ?
উঃ- ১৯১৪ চনত ।

১২) কাশ্মীৰ বিভাজনৰ প্রস্তাৱ কোনে আগবঢ়াইছিল ?
উঃ- ৰাষ্টসংঘই ।

১৩) গোষ্ঠীনিৰপেক্ষ সন্মিলন প্রথমে ক'ত অনুষ্ঠিত হৈছিল ?
উঃ- ইন্দোনেছিয়াৰ বান্দুং চহৰত ।

১৪) বৈদেশিক নীতি মানে কি বুজা ?
উঃ- বিশ্বৰ কোনো এখন স্বাধীন দেশে আন এখন দেশৰ সৈতে  এক সম্পর্ক স্থাপনৰ বাবে যি নীতি গ্রহণ কৰে তাক বৈদেশিক নীতি বুলি কোৱা হয় ।

১৫) ভাৰতৰ বৈদেশিক নীতিৰ এটা মৌলিক নীতি উল্লেখ কৰা ।
উঃ- গোষ্ঠীনিৰপেক্ষতা ।

১৬) ভাৰতীয় জাতীয় বাহিনীৰ প্রতিষ্ঠাপক কোন আছিল ?
উঃ- সুভাস চন্দ্র বসু ।

১৭) ভাৰতীয়  সংবিধানৰ কোনটো অনুছেদত বৈদেশিক নীতিৰ বিষয়ে উল্লেখ কৰা হৈছে ?
উঃ- ৫১ নং অনুচ্ছেদত ।

১৮) কিমান চনত চীনে ভাৰত আক্রমণ কৰিছিল ?
উঃ ১৯৬২ চনৰ ২০ অক্টোবৰত ।

১৯)পঞ্চশীল চুক্তি কাৰ কাৰ মাজত সম্পাদন হৈছিল?\
উঃ- ভাৰত আৰু চীনৰ মাজত ।

২০) কিমান চনত কার্গিল যুদ্ধ সংঘটিত হৈছিল ?
উঃ- ১৯৯৯ চনত ।

২১) কিমান চনত জনতা দল ক্ষমতালৈ আহিছিল ?
উঃ- ১৯৭৭ চনত ।

২২) চিমলা চুক্তি কাৰ কাৰ মাজত সম্পাদিত হৈছিল ?
উঃ- ইন্দিৰা গান্ধী আৰু মিঃ ভুট্টোৰ মাজত ।

২৩) NPT ৰ সম্পুর্ণ নাম লিখা ।
উঃ Non Proliferatoion Treaty

২৪) ভাৰত আৰু চীনৰ মাজৰ  বিবাদৰ এটা আৰণ লিখা ।
উঃ- সীমা বিবাদ ।

২৫) এখন দেশৰ বৈদেশিক নীতিত প্রভাব বিস্তাৰ কৰা আটাইতকৈ গুৰুত্বপূর্ণ উপাদানটো কি?
উঃ- ৰাষ্ট্রীয় স্বার্থ ।

২৬) ভাৰত-চীন যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উঃ- ১৯৬২ চনত ।

২৭) ভাৰতে কাৰ লগত পঞ্চশীল চুক্তি সম্পাদন কৰিছিল ?
উঃ- চীনৰ লগত ।

২৮) কিমান চনত ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰ যুদ্ধ হৈছিল ?
উঃ- ১৯৬৫ চনত ।

২৯) ১৯৭১ চনত ভাৰতে কাৰ লগত  বন্ধুত্বপূর্ণ চুক্তিত স্বাক্ষৰ কৰিছিল ?
উঃ-  ছোভিয়েত ইউনিয়ন ।

৩০) কিমান চনত ভাৰতে প্রথম পাৰমাণবিক পৰীক্ষা সম্পন্ন কৰিছিল ?
উঃ- ১৯৭৪ চনত ।

৩১) কিমান চনত বাংলাদেশ এখন স্বাধীন ৰাষ্ট্রত পৰিণত হৈছিল ?
উঃ- ১৯৭১ চনত ।

৩২) ভাৰত-পাকিস্তানৰ মাজৰ বিবাদৰ প্রধান কাৰণটো কি ?
উঃ কাশ্মীৰ বিষয় ।

৩৩) ভাৰতৰ প্রথম বৈদেশিক মন্ত্রী কোন আছিল ?
উঃ- জৱহৰুলাল নেহেৰু ।

৩৪) গণতান্ত্রিক চীন প্রজাতন্ত্রৰ কেতিয়া প্রতিষ্ঠা হৈছিল ?
উঃ- ১৯৪৯ চনত ।


৩৫) ভাৰতীয় সাম্যবাদী দলৰ বিভাজন কেতিয়া হৈছিল ?
উঃ- ১৯৬৪ চনত।